এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৪
খণ্ড ২১
কীৰ্ত্তন-ঘোষা
তােমাৰ অখণ্ড– আনন্দ-ৰূপক
কিমতে জানিবাে আমি॥
দীন-দায়াশীল দিয়াে উপদেশ
তােমাৰ চৰণে ধৰো৷
শ্ৰৱণ-কীৰ্ত্তন- স্মৰণ-ভক্তিক
সদায়ে যিমতে কৰাে॥ ১২
মিছা তর্কবাদে ভৈল অন্ধকাৰ
তাতে ভ্ৰমো মন্দ-মতি।
তযু জ্ঞান-পন্থ খুজিয়া নপাওঁ
কৰা হৰি মােৰ গতি ॥
তযু গুণ-নাম মুখে নছাড়ােক
কৃপা কৰা চক্রপাণি।
মাধৱ বামন গােৱিন্দ বােলন্তে
মুকুত হৈবাে কৈসানি ॥ ১৩
তুমি সত্য ব্রহ্ম তােমাতে প্রকাশে
জগত ইটো অসন্ত।
জগততো সদা তুমিও প্রকাশা
অন্তৰ্য্যামী ভগৱন্ত॥
পা* ১৪॥ সত্য ব্ৰহ্ম—সত্যব্ৰত