পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


BC জ্ঞান-অভ্যাসকে কহহ নেদেখি বিশেষ। শ্ৰৱণ-কীর্তনে তৰে সংসাৰৰ ক্লেশ। তােমাৰ ভক্তৰ সঙ্গ পায়া অনুপম। ধৰ্ম্ম অর্থ কাম মােক্ষ কৰে তৃণসম । ৯ তুমিসি পৰম প্রিয় আত্মা নাৰায়ণ। ত্যু পদ-পঙ্কজে মজোক মােৰ মন। ভাৰতে মনুষ-জন্ম মুহিকে সেস্থৰে। তােমাক নভজি আত্মঘাত কৰি মৰে। ১০ প্ৰেমভাৱে দুৰ্লভ যে তােমাক স্মৰণ। যেন তেন মতে কৰৰ শ্ৰৱণ-কীৰ্ত্তন সদায় থাকোক মােৰ মন তবু পাৰে। বােলা হৰি হৰি আৰে প্রাণ থাকে যাৱে। ১১ ঘােষা॥ হৰি হৰিয়াে হৃষীকেশ ককণা-সাগৰ। মায়া-মহােদধি মাঝে মজিলাগে মাধৱ মােক উদ্ধৰ।২ পদ ॥ বুদ্ধি-অহঙ্কাৰে আৱৰিলে আতি মহামূঢ় ভৈলাে স্বামী।