পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৪
খণ্ড ২১
কীৰ্ত্তন-ঘোষা

তােমাৰ অখণ্ড– আনন্দ-ৰূপক
 কিমতে জানিবাে আমি॥
দীন-দায়াশীল  দিয়াে উপদেশ
 তােমাৰ চৰণে ধৰো৷
শ্ৰৱণ-কীৰ্ত্তন-  স্মৰণ-ভক্তিক
 সদায়ে যিমতে কৰাে॥ ১২
মিছা তর্কবাদে  ভৈল অন্ধকাৰ
 তাতে ভ্ৰমো মন্দ-মতি।
তযু জ্ঞান-পন্থ  খুজিয়া নপাওঁ
 কৰা হৰি মােৰ গতি ॥
তযু গুণ-নাম  মুখে নছাড়ােক
 কৃপা কৰা চক্রপাণি।
মাধৱ বামন  গােৱিন্দ বােলন্তে
 মুকুত হৈবাে কৈসানি ॥ ১৩
তুমি সত্য ব্রহ্ম  তােমাতে প্রকাশে
 জগত ইটো অসন্ত।
জগততো সদা  তুমিও প্রকাশা
 অন্তৰ্য্যামী ভগৱন্ত॥


পা* ১৪॥ সত্য ব্ৰহ্ম—সত্যব্ৰত