এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৮
[খণ্ড ২০
কীৰ্ত্তন-ঘোষা
জানিয়া কৃষ্ণৰ চৰণে শৰণ
পশিয়ো সুদৃঢ় মতি।
বোলা ৰাম ৰাম ছাড়ি আন কাম
লভিবা পৰম গতি॥ ২৩
তৃতীয় কীৰ্ত্তন
ঘোষা॥ কমললোচন কলুষ-মোচন॥ ৩
পদ॥ পাছে বলি ৰায়ক আশ্বাস কৰি।
সৱাহাঙ্কে লৈয়া উঠিলা হৰি॥
দ্বাৰকা-পুৰ পাইলা মহাভাগে।
ছয়ো ভাইক দিলা মাতৃৰ আগে॥ ২৪
ছয়ো ছৱালক দৈৱকী দেখি।
পৰম আনন্দে চান্ত নিৰেখি॥
নিশ্চয়ে সৱে মোৰ পুত্ৰ বুলি।
লৈলন্ত সৱাকো কোলাত তুলি॥ ২৫
পুত্ৰ-স্নেহে স্ৰৱে দুয়ো তন।
কৰন্ত পুত্ৰৰ মুখ চুম্বন ॥
উৎসুকে পুত্ৰক পিয়ান্ত ক্ষীৰ।
ঘ্ৰাণন্ত ঘনে ঘনে পুত্ৰ-শিৰ॥ ২৬