পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৪৪৯
দৈৱকীৰ পত্ৰ-আনয়ন

আনন্দে দৈৱকী যেন নাচন্ত।
ইগুটি থৈয়া আৰগুটি লন্ত॥
বিষ্ণুৰ মায়ায়ে মুহিল চিত্ত।
দৈৱকী ভৈলা আতি আনন্দিত॥ ২৭
একে দৈৱকীৰ তন বিশেষ।
কৃষ্ণৰ আৰো পীত-অৱশেষ॥
সন্তোষে তাক পিলা ছয়োজনে।
কৃষ্ণৰ আৰো অঙ্গ-পৰশনে॥ ২৮
ঘোৰ ব্ৰহ্ম-শাপ তাহাক তৰি।
আমি দেৱ হেন তাহাক স্মৰি॥
পিতৃক মাতৃক কৰি বন্দন।
পড়ি প্ৰণামিলা কৃষ্ণ-চৰণ॥ ২৯
বলোৰ চৰণে কৰিয়া সেৱ।
স্বৰ্গক পাছে যান্ত ছয়ো দেৱ॥
চাহি আছে লোকে নিজম পড়ি।
ছয়োজনে যায় বিমানে চড়ি॥ ৩০
দেখিয়া দৈৱকী ভৈল বিস্ময়।
আসিল মোৰ মৰা পুত্ৰ ছয়॥
স্বৰ্গক গৈল মোৰ তন খায়া।
জানিলো সকল বিষ্ণুৰ মায়া॥ ৩১

২৯