পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৪৪৭
দৈৱকীৰ পুত্ৰ-আনয়ন


তাসম্বাক লাগি সদায়ে ক্ৰন্দন
 কৰন্ত দৈৱকী আই॥

সৱাহাঙ্কো আজি দ্বাৰকাক নিবো
 গুচাইবো মাৱৰ শোক।
মোহোৰ প্ৰসাদে  শাপ এড়াই আজি
 ছয়ো যাইবে স্বৰ্গলোক॥ ২১

এহিসে কাৰণে তোমাৰ পাশক
 আসি আছো দৈত্য-পতি।
শুনি বলি উঠি ছয়কো আগতে
 যোগাইলা কৰি ভকতি॥

কৃষ্ণৰ চৰণ দুহাতে ধৰিয়া
 শিৰত অৰ্চ্চিলা তুলি।
আজিসে সমস্ত পাপ দূৰ ভৈল
 জন্ম সাফলিলো বুলি॥ ২২

শুনা সৰ্ব্বজন এড়ি আন মন
 স্থিৰ কৰি এক মতি।
কৃষ্ণ-নাম বিনা ইটো কলি-যুগে
 নাহি নাহি আন গতি॥