এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৮
খণ্ড ১৯
কীৰ্ত্তন-ঘোষা
জন্মে জন্মে মঞি তান দাস হৈবো
মোক মোহে নলঙ্ঘোক॥
এহি বুলি দ্বিজে ভুঞ্জিলা পৰম-
ভোগ্যক পত্নী সহিত।
কিছু কিছু কৰি বিষয় এড়ন্ত
কৃষ্ণত অৰ্পিয়া চিত্ত॥ ৩২
অজিত বিষ্ণুক ভকতেসে জিনে
জানি দ্বিজ দামোদৰ।
এক-চিত্ত-মনে কৃষ্ণৰ চৰণে
ভৈলন্ত ধ্যান-তৎপৰ॥
দৃঢ় ভক্তি কৰি ছিণ্ডি মোহ-জৰী
কৰ্ম্ম-বন্ধে ভৈলা হীন।
পায়া মহোদয় দেখি ব্ৰহ্মময়
কৃষ্ণতে গৈলন্ত লীন॥ ৩৩
পৰম পুৰুষ প্ৰভু নাৰায়ণ
ভকতৰ যেন নিধি।
পা ৩৩॥ কৃষ্ণতে⸺বিষ্ণুতে।