পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৪৩৯
দামোদৰ-বিপ্ৰাখান


তাহান চৰণে ভকতি কৰিলে
 অৱশ্য হুইবেক সিদ্ধি॥

মাধৱৰ ইটো পৱিত্ৰ কথাক
 শুনিবে যাৰ প্ৰবন্ধ।
কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে
 এড়াই সিটো কৰ্ম্ম-বন্ধ॥ ৩৪

ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন
 কৰিয়ো সৱে সমাজে।
ইটো কল-িযুগে আন গতি নাই
 হৰিৰ নামত বাঝে॥

বৃথা আয়ু যায়  কৰিয়ো লোকাই
 বৈকুণ্ঠে যাইবাৰ কাম।
মায়াময় ইটো বিষয় এড়িয়া
 ডাকি বোলা ৰাম ৰাম॥ ৩৫


দামোদৰ-বিপ্ৰাখ্য়ান সমাপ্ত॥ ১৯॥