পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৮
খণ্ড ১৯
কীৰ্ত্তন-ঘোষা


জন্মে জন্মে মঞি তান দাস হৈবো
 মোক মোহে নলঙ্ঘোক॥

এহি বুলি দ্বিজে ভুঞ্জিলা পৰম-
 ভোগ্যক পত্নী সহিত।
কিছু কিছু কৰি বিষয় এড়ন্ত
 কৃষ্ণত অৰ্পিয়া চিত্ত॥ ৩২


অজিত বিষ্ণুক ভকতেসে জিনে
 জানি দ্বিজ দামোদৰ।
এক-চিত্ত-মনে কৃষ্ণৰ চৰণে
 ভৈলন্ত ধ্যান-তৎপৰ॥

দৃঢ় ভক্তি কৰি ছিণ্ডি মোহ-জৰী
 কৰ্ম্ম-বন্ধে ভৈলা হীন।
পায়া মহোদয় দেখি ব্ৰহ্মময়
 কৃষ্ণতে গৈলন্ত লীন॥ ৩৩

পৰম পুৰুষ প্ৰভু নাৰায়ণ
 ভকতৰ যেন নিধি।


পা ৩৩॥ কৃষ্ণতে⸺বিষ্ণুতে।