পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩০
[খণ্ড ১৯
কীৰ্ত্তন-ঘোষা


ভৈলা মহাপ্ৰীতি  ভাৰ্য্যায়ে সহিতি
 এক ঠাই হুয়া পাছে।
পৰম আনন্দে পশিলা মন্দিৰ
 দ্বিজবৰ দিব্য কাছে॥ ২৮

চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ ত্ৰাহি ৰাম নিৰঞ্জন  জীৱেৰ জীৱন
 মুকুন্দ ৰাম মুৰাৰি।
 তোমাৰ চৰণে পশিলো শৰণে
 নিয়োক মোক উদ্ধাৰি॥৪


পদ॥ সুৱৰ্ণ ৰুহলী মৰকত থলী
 ফটিকৰ দ্বাৰ বাৰ।
 ৰত্নময় তম্ভ  গৃহৰ আৰম্ভ
 দেখি ভৈলা চমৎকাৰ॥

 দুগ্ধ-ফেণ-সম শয্যাসৱ আছে
 সোণাৰ খাটে বিছাই।
 সুবৰ্ণ আসন ভাজন যতেক
 তাৰ সীমা-সংখ্যা নাই॥ ২৯


পা ২৯॥ গৃহৰ আৰম্ভ-প্ৰকাশন্তে আছে।