এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩
৪৩৫
দামোদৰ-বিপ্ৰাখ্যান
নৰ-নাৰীগণো বিপ্ৰক বেঢ়িল
দিব্য বাদ্য-ভণ্ড বাই॥
স্বামী আসিবাৰ শুনিয়া ব্ৰাহ্মণী
গৃহৰ বজাইল ৰঙ্গে।
সালঙ্কৃতা দাসী সহস্ৰেকে বেঢ়ি
যোগানে লড়িলা সঙ্গে॥ ২৬
দিব্য আভৰণে ভূষিতা সুন্দৰী
যাহান্ত যেন নাচন্তে।
ৰূপ ধৰি লক্ষ্মী যেন বাজ ভৈল
আপুন থানৰ হন্তে॥
দিব্য পৰিচ্ছদে আগ বাঢ়ি আসি
স্বামীক দেখিলা গই।
আনন্দে লোতক বজাই আখি মুদি
থাকিল থমকি ৰই॥ ২৭
পতিক বুদ্ধিয়ে নমিলা ব্ৰাহ্মণী
মনে ধৰি আলিঙ্গিলা।
কন্যাগণ মধ্যে- প্ৰকাশন্তে সতী
ভাৰ্য্যাক দ্বিজে দেখিলা॥
২৬॥ যোগানে লড়িলা-যোগান ধৰিলা।