এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
খণ্ড ১৯
কীৰ্ত্তন-ঘোষা
দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মোক
পাসৰিবে সমুদায়।
এহি বুলি ধন নেদিলে আমাক
জানিলো কৃষ্ণ গোসাঁই॥
হেন গুণি-গান্থি যাহান্তে গৃহৰ
সমীপ পাইলন্ত পাছে।
চন্দ্ৰ-সূৰ্য্য়-সম অনেক বিমান
দেখন্ত তহিতে আছে॥ ২৪
দিব্য উপবনে পড়ি পক্ষীগণে
সুললিত ৰাৱ তেজে।
দীঘি-সৰোবৰ পুষ্পিত উৎপল
প্ৰফুল্ল পঙ্কজে ৰজে॥
দিব্য নৰ-নাৰী গণ ফুৰে তৈতে
পিন্ধি বস্ত্ৰ-অলঙ্কাৰ।
দেখিয়া ব্ৰাহ্মণে বিস্ময়ে গুণন্ত
ইটো দিব্য পুৰী কাৰ॥ ২৫
নুহি গৃহ মোৰ কৈক আইলো বুলি
থমকি আছন্ত চাই।
পা ২৫॥ দীঘি -দিব্য।