সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩
৪৩৩
দামোদৰ-বিপ্ৰাখান


সখিক ধৰিয়া মাধৱে অনেক
 বুলিলা মধুৰ-বাণী॥ ২১

আগ বঢ়াই নিয়া গৃহক পঠাইল
 ব্ৰাহ্মণ চলিল সুখে।
কৃষ্ণে নেদিলন্ত নুখুজিলা ধন
 ব্ৰাহ্মণো আপুন মুখে॥

মনত গুণন্ত দ্বিজত ভকত
 কিনো দেৱ বনমালী।
কোথেৰ দৰিদ্ৰ মঞি পাপী মোক
 ধৰিলন্ত আঙ্কোৱালি॥ ২২

আপুনাৰ খাটে নিয়া বসুয়াইলা
 ঘষি ধুৱাইলেক ভৰি।
শ্ৰম দেখি লক্ষ্মী আপুনি বিঞ্চিলা
 চামৰক কৰে ধৰি॥

তিনিও লোকৰ ঐশ্বৰ্য্যক পাৱে
 অৰ্চ্চিয়া যাৰ চৰণ।
আমাৰ কুৎসিত  সন্দেশকো খাইল
 হেন প্ৰভু নাৰায়ণ॥ ২৩

২৮