পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩ ]
৪৩১
দামোদৰ-বিপ্ৰাখান


পৰম সঙ্কোচ ভৈলা দ্বিজবৰ
 কৃষ্ণৰ শুনিয়া বাণী॥

চাউল-চিৰামুঠি নেদন্ত কৃষ্ণক
 লাজে চপৰাই মাথ।
হেন দেখি পাছে মনত গুণন্ত
 তিনিও লোকৰ নাথ॥ ১৭

ইটো দ্বিজবৰে  পূৰ্ব্বতো আমাক
 লক্ষ্মী-কামে নৰাধিলা।
ভাৰ্য্যাৰেসে প্ৰীতি  সাধিবাক প্ৰতি
 আমাৰ ঠাইক আসিলা॥

মনুষ্য-দুৰ্ল্লভ পৰম সম্পদ
 দিবো আঙ্ক আজি আমি।
কানিৰ টুপলি  বিচাৰি আনিলা
 আপুনি জগত-স্বামী॥ ১৮

ইটো কি বুলিয়া টুপলি মেলিয়া
 সখিক বুলিলা বাক।
ইটো চাউল-চিৰা জগতে সহিতে
 তৃপিতি কৰে আমাক॥