পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩০
[খণ্ড ১৯
কীৰ্ত্তন-ঘোষা

কাম মোক্ষ ধৰ্ম্ম অৰ্থ  পাৱে আনো মনোৰথ
 যিটো চিন্তে তোমাৰ চৰণ।
আপুনি নিৰ্ম্মিলা শাস্ত্ৰ  তাকো পঢ়া হুয়া ছাত্ৰ
 ইটো কিনো ভৈল বিড়ম্বন॥ ১৫

তৃতীয় কীৰ্ত্তন

ঘোষা॥ যদুৰায় চৰণে শৰণ দিয়ো।
 জগজীৱ সেৱক পালিয়া নিয়ো॥ ৩

পদ॥ হেন শুনি হাসি বিপ্ৰত পুছন্ত
 সৰ্ব্বজান হৃষীকেশ।
 আমাক লাগিয়া আনি আছা যিবা,
 দিয়োক সখি সন্দেশ॥

 ভকতসকলে পূজে ফুলে জলে
 তুষ্ট হওঁ তাকে পাই।
 অভকতে যদি নানা দ্ৰব্য দেই
 তাতো মোৰ তুষ্টি নাই॥ ১৬

 হেন জানি মিত্ৰ দিয়োক আমাক
 যিবা দ্ৰব্য় আছা আনি।