পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
[খণ্ড ১৯
কীৰ্ত্তন-ঘোষা


এহি বুলি হৰি একমুঠি ধৰি
 ভুঞ্জিলন্ত আনন্দত।
আউৰ মুঠি ধৰি  খাইবাক খোজন্তে
 ধৰিলা লক্ষ্মী হাতত॥ ১৯

যত লাগে মানে  সৱে সম্পত্তিক
 এহিমুঠি দিবে পাৰে।
নখায়োক আৰ  বুলি লক্ষ্মী মাৱে
 স্বামীক বুলিলা ঠাৰে॥

হেন শুনি হৰি  চাউল-চিৰা এড়ি
 থাকিলা হাসি নমাতি।
দিব্য ভোগ ভুঞ্জি  কৃষ্ণৰ গৃহত
 ব্ৰাহ্মণো বঞ্চিলা ৰাতি॥ ২০

শয়নক লাগি সুৱৰ্ণ খাটত
 বিছায়া দিলন্ত তুলি।
মহাসুখে তাতে  শুতিয়া আছিলা
 আজি স্বৰ্গ পাইলো বুলি॥

প্ৰভাততে উঠি লড়িলা ব্ৰাহ্মণ
 কৃষ্ণক মাগি মেলানি।