পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দামোদানি পৰম সকোচ তৈলা দ্বিজবৰ কৃষ্ণৰ শুনিয়া বাণী। চাউল- চিমুঠি নেদন্ত কৃষ্ণক লাজে চপৰাই মাথ। হেন দেখি পাছে মনত গুণ তিনিও লােকৰ নাথ। ১৭ ইটো দ্বিজবৰে পূৰ্বতে আমাক লক্ষী-কামে নৰাধিলা। ভাৰ্য্যাৰেসে প্রীতি সাধিবাক প্রতি আমাৰ ঠাইক আসিলা ॥ মনুষ্য-দুল্লভ পৰম সম্পদ দিবাে আৰু আজি আমি। কানিৰ টুপলি বিচাৰি আনিলা আপুনি জগত-স্বামী। ১৮ ইটো কি বুলিয়া টুপলি মেলিয়া সখিক বুলিলা বাক। ইটো চাউল-চি জগতে সহিতে তৃপিতি কৰে আমাক।