এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৮
[খণ্ড ১৯
কীৰ্ত্তন ঘোষা
অৰণ্যৰ পশি সান্ধি খড়ি লুড়ি বোঝা বান্ধি
গৃহক চলিলো ৰঙ্গমনে।
যাওঁ কথা-মাতে হাসি অকস্মিতে তৈতে আসি
পাইলে ঘোৰ বাত-বৰিষণে।৷
গৰ্জ্জনতে ভূমি লড়ে ঘনে ঘনে বজ্ৰ পড়ে
খাল-বাম সম ভৈল আতি।
নাকলিয় একো পথ সূৰ্য্য পাছে গৈল অন্ত
ভৈল ঘোৰ অন্ধকাৰ ৰাতি॥ ১১
পাছে আমি সৱে শিষ্য নাকলিলো একো দৃশ্য
বাত-বৃষ্টি পড়িলে আমাক।
কাম্পে তনু তৰতৰি অন্যো-অন্যে হাতে ধৰি
বাট নপাই তৈতে ফুৰ পাক॥
মাথাত খড়িৰ বোঝা যান নেযায় একো খোজা
ফুৰন্তে ৰজনী গৈল ক্ষয়।
নাযাওঁ কেহো কাকো এড়ি কিৰণে আন্ধাৰ ফেড়ি
ভৈল আসি আদিত্য উদয়॥ ১২
সান্দীপনি দ্বিজৰাজে বিচাৰিলা বন মাজে
ভৈলা আসি আমাক প্ৰতেক।