পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৪২৭
দামোদৰ-বিপ্ৰাখ্যান

ইটো মহাদুঃখী  ভিক্ষুক ব্ৰাহ্মণে
 কত পুণ্য কৰি আছে।
ত্ৰৈলোক্যৰ গুৰু  লক্ষীৰ নিৱাস
 আপুনি সেৱন্ত যাক।
ভাৰ্য্যাক এড়িয়া  আঙ্ক আলিঙ্গন্ত
 যেহেন শ্ৰেষ্ঠ দদাক।৷ ৯

দ্বিতীয় কীৰ্ত্তন

ঘোষা।।  যাদৱানন্দ দয়াশীল হৰি।
  হৰি দয়াশীল কেশৱ গোপাল।৷২

পদ॥ পাছে হৰি হাস্য কৰি  সখাৰ হাতত ধৰি
 সুধিলন্ত কৰি সতকাৰ।
 গুৰুৰ গৃহৰ তথা  সুমৰা পুৰাণী কথা
 যেন ভৈল আমাৰ নিকাৰ।
 গুৰু-পত্নীগণে আসি  আমাক বুলিলা হাসি
 খড়ি লুড়ি দিয়া শিষ্যগণ।
 আমিসৱো হেন শুনি  কটিত বান্ধিয়া দুনি
 আনন্দে লড়িলো ৰঙ্গ-মন। ১০