পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


AR কনমেষ অৰণ্যৰ পশি সান্ধি খড়ি লুড়ি বােঝা বান্ধি গৃহক চলিলাে ৰঙ্গমনে। যাওঁ কথামাতে সি অকস্মিতে তৈতে আসি পাইলে ঘােৰ বাত-বৰিষণে। গজ্জনতে ভূমি লড়ে ঘনে ঘনে বক্স পড়ে খাল-বাম সম ভৈল আতি। নাকলিয় একো পথ সূৰ্য্য পাছে গৈল অন্ত ভৈল ঘােৰ অন্ধকাৰ ৰাতি ॥ ১১ পাছে আমি সৱে শিষ্য নাকলিলে একো দৃশ্য বাত-বৃষ্টি পড়িলে আমাক। কাম্পে তনু ততৰি অন্যো-অন্যে হাতে ধৰি বাট নপাই তৈতে ফুৰ পাক। মাথাত খড়িৰ বােঝ যান নেযায় একো খােজা ফুৰন্তে ৰজনী গৈল ক্ষয়। ন্যও কেহহ কাকো এড়ি কিৰণে আন্ধাৰ ফেড়ি ভৈল আসি আদিত্য উদয়। ১২ সান্দীপনি দ্বিজবাজে বিচাৰিলা বন মাজে ভৈলা আসি আমাক প্ৰতেক।