এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৪২৭
দামোদৰ-বিপ্ৰাখ্যান
ইটো মহাদুঃখী ভিক্ষুক ব্ৰাহ্মণে
কত পুণ্য কৰি আছে।
ত্ৰৈলোক্যৰ গুৰু লক্ষীৰ নিৱাস
আপুনি সেৱন্ত যাক।
ভাৰ্য্যাক এড়িয়া আঙ্ক আলিঙ্গন্ত
যেহেন শ্ৰেষ্ঠ দদাক।৷ ৯
দ্বিতীয় কীৰ্ত্তন
ঘোষা।। যাদৱানন্দ দয়াশীল হৰি।
হৰি দয়াশীল কেশৱ গোপাল।৷২
পদ॥ পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি
সুধিলন্ত কৰি সতকাৰ।
গুৰুৰ গৃহৰ তথা সুমৰা পুৰাণী কথা
যেন ভৈল আমাৰ নিকাৰ।
গুৰু-পত্নীগণে আসি আমাক বুলিলা হাসি
খড়ি লুড়ি দিয়া শিষ্যগণ।
আমিসৱো হেন শুনি কটিত বান্ধিয়া দুনি
আনন্দে লড়িলো ৰঙ্গ-মন। ১০