এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৬
[ খণ্ড ১৯
কীৰ্ত্তন ঘোষা
মিত্ৰক দেখিয়া ভাৰ্য্যাক এড়িয়া
উঠি আসি আথেবেথে।
দুই হাতে সাবটি ধৰিলা আনন্দে
তিনিও লোকৰ নাথে॥
সখিক আলিঙ্গি আতি প্ৰীতি পাইলা
আনন্দে লোকত ঝৰে।
সোণাৰ খাটত বসুৱাইলা আনি
ধৰিয়া আতি সাদৰে॥ ৭
আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ
পাদোদক লৈলা শিৰে।
সুগন্ধি চন্দন কুঙ্কুমে সখিৰ
ঘষিলা সৱ শৰীৰে।
দীপ ধূপ লগাই পূজিলা বিপ্ৰক
কৰ্পূৰ-তাম্বুল দিয়া।
সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক
সব্যা মাধৱৰ প্ৰিয়া॥ ৮
দেখিয়া অন্তেষ- পুৰৰ লোকৰ
বিস্ময় ভৈ গৈল পাছে।