এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৪
[খণ্ড ১৯
কীৰ্ত্তন ঘোষা
শুনিয়োক স্বামী মন্দভাগী আমি
সহিবো কত নিকাৰ।
দ্বাৰকাত আছে প্ৰভু নাৰায়ণ
পৰম মিত্ৰ তোমাৰ॥ ২
দীন-দায়াকৰ জগত-ঈশ্বৰ
সাক্ষাতে লক্ষীৰ পতি।
তোমাৰ নিকাৰ দেখিয়া দিবন্ত
অনেক ধন-সম্পত্তি।৷
তাহান চৰণ চিন্তে যিটো জন
আপুনাকো দেন্ত তাক।
নকৰা বিমন পাইবা বহু ধন
নবাধিবা মোৰ বাক॥ ৩
ভাৰ্য্যাৰ বচন শুনিয়া ব্ৰাহ্মণে
দৃঢ় কৰিলন্ত মতি।
কৃষ্ণ-দৰশনে মোৰ মহালাভ
যাইবো দ্বাৰকাক প্ৰতি॥
ভাৰ্য্যাক বোলন্ত যি পাৰা সন্দেশ
আনি দিয়া ঝান্টে উঠি।