পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উনবিংশ খণ্ড

দামোদৰ-বিপ্ৰাখ্যান

প্ৰথম কীৰ্ত্তন

ঘোষা।৷ ৰাম হৰি গোপাল গোৱিন্দ।
 যদুমণি মুকুন্দ গোৱিন্দ।৷ ১

পদ॥ শুক নিগদতি  শুনা কুপতি
 কৃষ্ণৰ আৰো চৰিত্ৰ।
 আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ
 বৈষ্ণৱ আতি পৱিত্ৰ।
 কৃষ্ণেয়েৰে তান  মহা মিত্ৰৱতি
 পঢ়ন্তে গুৰু-গৃহত।
 খাইবে খুন্টিবাক একোৱে নাহিকে
 বস্ত্ৰহীন শৰীৰত॥ ১
 আতি পতিব্ৰতা  তাহানে ব্ৰাহ্মণী
 দুঃখে দণ্ডে যুগ যায়।
 কাম্পন্তে আসিয়া  স্বামীক বুলিলা
 মুখৰ মাত নোলায় |