পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষা ওনিয়ােক স্বামী মন্দভাগী আমি সহিবাে কত নিকাৰ। দ্বাৰকাত আছে প্রভু নাৰায়ণ পৰম মিত্র তােমাৰ৷ ২ দীনায়াকৰ জগত-ঈশ্বৰ সাক্ষাতে লক্ষীৰ পতি। তােমাৰ নিকাৰ দেখিয়া দিবস্তু অনেক ধন-সম্পত্তি। চিন্তে যিটো জন আপুনাকো দে তাক। পাইবা বহু ধন নবাধিবা মােৰ বাক ॥ ৩ তাহন চৰণ নকৰা বিমন ভাৰ্যাৰ বচন শুনিয়া ব্রাহ্মণে দৃঢ় কৰিলন্ত মতি। কৃষ্ণদশনে মােৰ মহালাভ যাইবাে দ্বাৰকাক প্রতি ভাৰ্য্যাক বােল যি পাৰা সন্দেশ আনি দিয়া কান্টে উঠি।