পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৪২৫
দামোদৰ-বিপ্ৰাখ্যান

শুনিয়া ব্ৰাহ্মণী  মাগি আনিলন্ত
 চাউল-চিৰা চাৰিমুঠি।৷ ৪
কানিৰ টুপলি  বান্ধি আনি দিলা
 ব্ৰাহ্মণে কাখত লৈলা।
কৃষ্ণৰ চৰণ  দেখিবাক মনে
 দ্বাৰকাক লাগি গৈলা।৷

কৃষ্ণক দেখিবে  কত বেলি পাওঁ
 মনে গুণি দ্বিজবৰ।
সেনাৰ বাঝুক  ছড়াই তিনি দ্বাৰ
 পাইলা গৈয়া অভ্যন্তৰ॥ ৫

ষোড়শ হাজাৰ  আৱাস প্ৰকাশে
 বৈকুণ্ঠপুৰ-সমান।
যদুগণ যাত  পশিবে নপাৰে
 কৃষ্ণৰ ৰহস্য স্থান॥

তাৰ এক গৃহ  পশিলা ব্ৰাহ্মণ
 কেহোৱে বাধন্তা নাই।
সব্যা ভাৰ্য্যা সমে  সোণাৰ খাটত
 শুতি আছা যদুৰায়॥৬


পা° ৬॥ সব্যা-শৈব্যা