এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৪১৯
বিপ্ৰ-পুত্ৰ-আনয়ন
সুনন্দ প্ৰমুখ্যে পাৰিষদে।
চৌপাশে উপাসে নিশবদে॥
চক্ৰ আদি অস্ত্ৰে মূৰ্ত্তি ধৰি।
সেৱা কৰে বিষ্ণুক আৱৰি॥ ৩৭
পুষ্টি আদি ঋদ্ধি দিব্য কাছে।
মাধৱক আৰাধন্তে আছে॥
ভণিল শঙ্কৰে কৃষ্ণ-পদে।
হৰি হৰি বােলা সভাসদে ॥ ৩৮
চতুর্থ কীৰ্ত্তন
ঘােষা॥ ৰাম বোল ৰাম বােল লােকাই।
ৰাম নাম বিনা বান্ধৱ নাই ॥ ৪
পদ ॥ অদ্ভুত ৰূপ দেখি ধনঞ্জয়।
কম্পিল শৰীৰ ভৈল বিস্ময়॥
আত্মাক কৃষ্ণে দশন পাই।
পড়ি প্রণমিলা মাথা দৱাই ॥ ৩৯
অৰ্জ্জুনো দণ্ডৱতে পড়ি আগে।
নমিলা গৈয়া আতি অনুৰাগে ॥