পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিষ্ণুৰ পৰম মহিমা দেখি। কৰিলা কৰবােড় দুয়াে সখি । ৪• দেখিয়া পাছে দুইকো চক্রপাণি। হাসিয়া হেন বুলিলন্ত বাণী। তােমৰা নৰ নাৰায়ণ দুই। ভৈলা অৱতাৰ মনুষ্য হুই। ৪১ : ধৰ্ম্মক দ্বিজক ৰাখিবে লাগি। ব্ৰহ্মাদেৱে দুইকে নিলন্ত মাগি। পৃথিৱীৰ সৱে ভাৰ সংহৰি। আসা মােৰ ঠাইক সত্বৰ কৰি।৪২ তােমৰা দুইক দেখিবাক মন। আনিলাে সৱে দ্বিজ-পুত্রগণ | ভৈলাে দেখা-দেখি এ চিৰকালে। পৃথিৱীক এড়ি আসা সকালে ৪৩ যদি পূর্ণকাম দুয়াে তােম। সৃষ্টিৰ অৰ্থে আসি তপ কৰা। হাসিয়া এহি বুলি চক্রপাণি। ব্ৰাহ্মণৰ দশ ছলি আনি ৪ ৪৪ দিল কৃষ্ণ অর্জুনৰ হাতে। নমিলা পাছে দুয়াে প্রণিপাতে ।