পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ অৰ্জ্জুন নাম দশােদিশে জানে।
গাণ্ডীৱ ধনুক মােৰ জগতে বখানে॥ ৯
শঙ্কৰকো তুযি আছো মােৰ পৰাক্ৰমে।
যদি কোপে আটোপে আসন্ত সাজি যমে॥
তাঙ্কো জিনি তােমাৰ পুত্ৰক দিবাে আনি।
গৈলন্ত সঞ্জাত দ্বিজে শুনি হেন বাণী॥ ১০
অৰ্জ্জুনৰ বচনত হুয়া ভয়হীন।
প্রীত হুয়া গৃহত আছন্ত কতাে দিন॥
প্ৰসৱৰ কাল আসি মিলিল দুনাই।
ত্ৰাহি ধনঞ্জয় বুলি ব্রাহ্মণে চেঞ্চাই॥১১


দ্বিতীয় কীৰ্ত্তন

ঘােষা। ৰাখা কি দয়াময় মােক যদুৰায়।
তােমাৰ ভকতি বিনে ব্যর্থ আয়ু যায়॥ ২

পদ ॥ শুনি পার্থে আখে-বেথে গৈল দঢ় হই।
কৰিলন্ত আচান্ত পৱিত্ৰ জল ছুই॥
ইষ্টদেৱ শঙ্কৰক নমিলা অৰ্জ্জুন।
দিব্য অস্ত্র স্মৰি গাণ্ডাৱত দিলা গুণ॥ ১২