পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১২
খণ্ড ১৮
কীৰ্ত্তন-ঘোষা

তাকো আনি পেহলাইলন্ত ৰাজাৰ দুৱাৰে।
পুৰ্ব্বৱতে নিন্দিলন্ত বচন-প্ৰহাৰে॥ ৪
এহিমতে বিপ্ৰৰ মৰিল পুত্ৰ নৱ।
ভৎৰ্সন্ত ব্ৰাহ্মণে দুৱাৰত পেলাই শৱ॥
আছন্ত অৰ্জ্জুন বসি কেশৱৰ কাছে।
হেন শুনি ব্ৰাহ্মণক মাতিলন্ত পাছে॥ ৫
কি কাৰণে পুত্ৰ-শোকে কান্দা দ্বিজবৰ।
তোমাৰ ৰাজ্যত তেৱে নাহি ধনুৰ্দ্ধৰ॥
যাহাৰ ৰাজ্যত শোকে কান্দে দ্বিজগণ।
নুহিকে ক্ষত্ৰিয় সিটো নটৰ লক্ষণ॥ ৬
বুঝিয়োক বিপ্ৰ আৱে মোৰ কেন কক্ষা।
তোমাৰ পুত্ৰক মই কৰিবোহো ৰক্ষা॥
ৰাখিবে নোৱাৰো যেৰ্ৱে শুনা মহাভাগ।
অগনিত ঝাসিয়া কৰিবো তনু ত্যাগ॥ ৭
শুনি বিপ্ৰ অৰ্জ্জুনক বুলিলা বচন।
যাক ৰাখিবাক নোৱাৰিলা নাৰায়ণ॥
ৰাম কামদেৱ আৰু অনিৰুদ্ধে নাটে যাক।
তাত যত্ন কৰা ইটো মিছা গৰ্ব্ব-বাক॥৮
অৰ্জ্জুনে বোলন্ত মই নোহে হলায়ুধ।
নোহো বাসুদেৱ কামদেৱ অনিৰুদ্ধ॥