পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কি-নয়ন আমাৰ অৰ্জন নাম দশােদিশে জানে।. গাঞ্জীৱ ধনুক মােৰ জগতে বখানে ৯ শঙ্কৰকো তুৰি আছে মােৰ পৰাক্ৰমে। যদি কোপে আটোপে আসন্ত সাজি যমে। তাঙ্কো জিনি তােমাৰ পুত্ৰক দিবাে আনি। গৈল সঞ্জাত দ্বিজে শুনি হেন বাণী: ১০ অৰ্জুনৰ বচনত হুয়া ভয়হীন। প্রীত হুয়া গৃহত আছ, কতাে দিন । প্ৰসৱৰ কাল আসি মিলিল দুনাই। ব্রাহি ধনঞ্জয় বুলি ব্রাহ্মণে চেঞ্চাই।১১ দ্বিতীয় কীর্তন ঘােষা। ৰাখা কি দয়াময় মােক যদুবায়। তােমাৰ ভকতি বিনে ব্যর্থ আয়ু ৰায় ২ পদ ॥ শুনি পার্থে আখে-বেথে গৈল দঢ় হই। কৰিলন্ত আচান্ত পৱিত্ৰ জল দুই ইষ্টদের শঙ্কৰক নমিলা অৰ্জ্জুন। দিব্য অস্ত্র সুৰি গাত দিলা গুণ | ১২..