এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শুনিয়া নাৰদ বিস্ময় ভৈলা।
তৈৰ উঠি আউৰ গৃহক গৈলা॥ ৩০
দেখম্ভে ঋষি তৈত যদুৰায়।
আছন্ত বসি শিশু উমলাই॥
দেখিতে পাছে আৰ গৃহ পশি।
স্নানত উদ্যমে আছন্ত বসি॥ ৩১
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ ত্ৰাহি সদাশিৱ শাৰ্ঙ্গপাণি॥ ৪
পদ॥ আউৰ ঘৰে গৈয়া দেখন্ত ঋষি।
কৰন্ত গোৱিন্দে হোম হৰিষি॥
ব্ৰহ্ম ভোজ দেন্ত কতো গৃহত।
ভুঞ্জন্ত আনি অৱশেষ যত॥ ৩২
কতো গৃহে আছ সন্ধ্যা উপাসি।
গায়ত্ৰী জপা মৌন হুয়া বসি।
ছাড়ন্ত খাণ্ডা-বাৰু কতো ঘৰে।
কতোহো ফুৰন্ত ৰথ উপৰে॥ ৩৩
ঘোড়া লড়াৱন্ত কতো প্ৰবন্ধে।
ফুৰন্ত কৃষ্ণ কতো হস্তী-কন্ধে॥