পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৪০৭
নাৰদৰ কৃষ্ণ-দৰ্শন

কতো ঘৰে আছা খাটত সুতি।
চপয় পঢ়ি ভাটে কৰে তুতি॥ ৩৪
উদ্ধৱ প্ৰমুখ্যে মন্ত্ৰী সহিতে।
কৰন্ত মন্ত্ৰণা কতো গৃহতে॥
সহস্ৰ সংখ্যাত ৰমণী সঙ্গে।
কৰন্ত কতো জল-ক্ৰীড়া ৰঙ্গে॥ ৩৫
অনেক বিপ্ৰ অনাই দামোদৰে।
কৰন্ত ধেনু-দান কতো ঘৰে॥
ভাৰ্য্যাক মাতি পৰিহাস কৰি।
কতো ঘৰে ৰঙ্গে হাসন্ত হৰি॥ ৩৬
শুনন্তে আছন্ত কৈতো পুৰাণ।
কৰন্ত কৈতো অৰ্থ-উপদান॥
কতো ঘৰে বসি আসন ধৰি।
আত্মাক চিন্তন্তে আছন্ত হৰি॥ ৩৭
কৰন্ত দ্বন্দ কৈতো লক্ষ্মী-পতি।
কৰন্ত কৃষ্ণে কৈতো মিত্ৰৱতি॥
কৈতে আলোচন্ত বলো সহিত।
চিন্তন্তে আছন্ত সন্তৰ হিত॥ ৩৮
কতো ঘৰে আতি উৎসৱ কৰি।
কৰন্তে পুত্ৰৰ বিবাহ হৰি॥