পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. সংসাৰ-কূপে পড়ে যিটোজন।", তাৰো অৱলম্ব্য তবু চৰণ। হেন পাদপদ্ম চিতো সদায়। তোমাৰ নাম মুখে ফুৰৰ গাই। ২৬ তোমাৰ পাৰে নছাড়োক মতি। দিয়ো এহি দান জগতপতি! এহি বুলি তৈৰ উঠিলা ঋৰি। দেখিলা পাছে আৰ গৃহ পশি। ২৭ কৰিয়া কৃষ্ণে হাস-পৰিহাস। ভাৰ্য্যায়ে সহিতে খেল পাশ। কাষতে উদ্ধৱ আছে নিৰেখি। উঠিলা কৃষ্ণ নাৰদক দেখি। ২৮ আসনে বৈসাই ধুৱাইল ভৰি। কেতিক্ষণে আইলা পুছন্ত হৰি। তুমি সৰ্ব-পূৰ্ণ-কাম সন্ন্যাসী। অপুৰ্ণকামী আমি গৃহবাসী! ২৯, তথাপি বোলা কি কৰিব আমি। জম্মক মোৰ সাফলিয়ো স্বামী।