পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোষা॥মাধৱ মুকুন্দ দীন দায়াল।
প্ৰণত-পালক তুমি গোপাল॥৩
পদ॥ চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ।
চাপিলা হৰিৰে ঋষি সমীপ॥
নাৰদক দেখি উঠিলা হৰি।
প্ৰণামিলা পাৱে শিৰে সদৰি॥ ২২
কৃতাঞ্জলি তুতি বুলিলা বাণী।
আপুনি আসনে বৈসাইলা আনি॥
লক্ষ্মী পানী দেন্ত ভৃঙ্গাৰ ধৰি।
ধুৱাইলা ঋষিৰ চৰণ হৰি॥ ২৩
লৈলা পাদোদক শিৰত আনি।
বুলিলা অমৃত-মধুৰ বাণী॥
পৱিত্ৰ আজি ভৈলো ঋষিৰাজ।
কৰিয়ো আজ্ঞা সাধো কোন কাজ॥ ২৪
শুনিয়া নাৰদে বুলিলা হাসি।
তোমাৰ চৰণ দেখিলো আসি॥
ব্ৰহ্মা আদি যত পৰম জ্ঞানী।
চিন্তে হিয়ে যাক প্ৰবন্ধে আনি॥ ২৫