পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পদ ॥ মাধৱ মুকুন্দ দীন জায়াল। প্রণত-পালক তুমি গােপাল। ৩ চৌপাশে প্রকাশে ৰত্ন প্রদীপ। চাপিলা হৰিৰে ঋষি সমাপ ॥ নাৰদক দেখি উঠিলা হৰি। প্রণামিলা পাৱে শিৰে সদৰি। ২২ কৃতাঞ্জলি তুতি বুলিলা বাণী। আপুনি আসনে বৈসাইলা আনি । লক্ষী পানী দে ভৃঙ্গাৰ ধৰি । ধুৱাইল ঋষিৰ চৰণ হৰি। ২৩ লৈলা পাদোদক শিৰত আনি। বুলিলা অমৃত-মধুৰ বাণী । পৰিত্ৰ আজি ভৈলাে ঋষিৰাজ। কৰিয়াে আজ্ঞা সাধ্য কোন কাজ ॥ ২৪ শুনিয়া নাৰদে বুলিলা হাসি। তােমাৰ চৰণ দেখিলে আসি। ব্রহ্মা আদি যত পৰম জ্ঞানী। চিন্তে হিয়ে যাক প্রবন্ধে আনি। ২৫