পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৪০৩
নাৰদৰ কৃষ্ণ-দৰ্শন

ইন্দ্ৰনীল ৰত্নে লগাইল বাৰ।
মাণিক কপাট হীৰাৰ দ্বাৰ॥
ৰত্নৰ চাৰু কুন্দৰুখ-জালে।
ধুপ ধূম্ৰচয় বঝাই বোম্বালে॥ ১৮
মেঘ বুলি তাক ময়ুৰগণে।
গৃহত পড়িয়া নাচে সঘনে॥
প্ৰকাশে চন্দ্ৰাতপ অসংখ্যাত।
আৰিছে মুকুতা মুৰাৰি তাত॥ ১৯
তলত ৰত্নময় সিংহাসন।
বিছাই হংস-তুলি বিতোপন॥
তাতে সুতি আছা জগতপতি।
উপাসি আছন্ত ৰুক্মিণী সতী॥ ২০
ৰত্নময় দণ্ড চামৰ ধৰি।
স্বামীকে বিঞ্চন্ত লাসে সুন্দৰী॥
সমান-বয়সী সহস্ৰ দাসী।
লগত যোগানে আছে উপাসি॥ ২১