এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৬
[খণ্ড ১৬
কীৰ্ত্তন-ঘোষা
নৱম কীৰ্ত্তন
ঘোষা॥ হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি।
ডাকিয়া ঘুষিয়ো শীঘ্ৰ কৰি॥৯
পদ॥দেওঁ কন্যা বিবাহ কৃষ্ণক।
দিবো মণি স্যমন্ত যৌতুক॥
তেৱেবা সন্তুষ্ট হোন্ত হৰি।
নেদেখো উপায় আত কৰি॥ ৭০
হেন মনে নিয়ম কৰিয়া।
মণি সমে কন্যা দিলে নিয়া॥
পায়া সত্যভামাক অচ্যুতে।
কৰিল বিবাহ বিধিৱতে॥ ৭১
ৰূপে-গুণে জগততে ধন্যা।
খুজিলে অনেকে সিটো কন্যা॥
কাহাকো নিদিলে সত্ৰাজিত।
কৃষ্ণে পাই ভৈল কৃতকৃত্য॥ ৭২
শশুৰক বুলিলা বচন।
নাহিকে মণিত প্ৰয়োজন॥
তোমাতে থাকোক স্যমন্তক।
তুমি সত্ৰাজিত অপুত্ৰক॥৭৩