পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
৩৯৭
স্যমন্তক-হৰণ

তোমাৰ সৰ্ব্বস্ব সৱে মোৰ।
নিয়া মণি এড়া চিন্তা-ঘোৰ॥
শুনি সত্ৰাজিত ৰঙ্গ ভৈলা।
স্যমন্তক লৈয়া ঘৰে গৈলা॥ ৭৪
অনন্তৰে জগতৰে নাহ।
কৰি সত্যভামাক বিৱাহ॥
ক্ৰীড়িলা আনন্দে নাৰায়ণ।
যিটো শুনে স্যমন্ত-হৰণ॥ ৭৫
এড়ায় কলঙ্ক মহা পাপ।
দুৰ যায় সংসাৰৰ তাপ॥
হোৱে সিদ্ধি মনৰ বাঞ্ছিত।
জানি শুনা কৃষ্ণৰ চৰিত॥ ৭৬
কহে কৃষ্ণ-কিঙ্কৰ শঙ্কৰে।
কীৰ্ত্তন নেড়িবা একো নৰে।
আত পৰে নাহিকে উপায়।
বেদৰ এহিসে অভিপ্ৰায়॥ ৭৭
মায়াময় পুত্ৰ দাৰা গেহ৷
কেতিক্ষণে পড়ে ইটো দেহ॥
আক নেদেখিয় কিনো অন্ধ।
বিষয়ত তথাপি প্ৰবন্ধ॥ ৭৮