সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
৩৯৫
স্যমন্তক-হৰণ

পাছে দিব্য সভা মাধৱে পাতি।
অনাইলন্ত সত্ৰাজিতক মাতি॥
যিমতে মণিক পাইলন্ত তথা।
ৰাজ-সমাজত কহিলা কথা॥ ৫৭
সাক্ষী কৰি হৰি সৱে সভাতে।
দিলা মণি সত্ৰাজিতৰ হাতে॥
হাতত মণি লৈয়া সত্ৰাজিত।
ভৈলন্ত লাজ আতি বিপৰীত॥ ৫৮
কৰে অনুতাপ মন আসুখ।
গৃহক লাগি গৈল অধোমুখ॥
আপুনি কৃষ্ণক বিৰোধ কৰি।
ৰাত্ৰি দিনে চিন্তে নিদ্ৰাক এড়ি॥ ৫৯
মই মহামুঢ় পাপী নৃশংস।
মিছাত কৃষ্ণক দিলো কলঙ্ক॥
কিমতে এড়াইবো লোকৰ তাপ।
কেনে তুষ্ট হোন্ত জগত-বাপ॥ ৬০
কিমতে কৃষ্ণৰ ৰঞ্জিবো চিত্ত।
গুণন্ত এহি বুলি সত্ৰাজিত॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বোলা সমস্ত নৰে॥ ৬১