পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মন কী ঘােষা। হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি। ডাকিয়া ঘুষিয়ে। শীঘ্ৰ কৰি।৯ দেওঁ কন্যা বিবাহ কৃষ্ণক। দিবাে মণি মন্ত যৌতুক । তেৱেবা সন্তুষ্ট হােন্ত হৰি। নেদেখাে উপায় আত কৰি। ৭ হেন মনে নিয়ম কৰিয়া। মণি সমে কন্যা দিলে নিয়া । পায়া সত্যভামাক অ্যুতে। কৰিল বিবাহ বিধিতে। ৭১ ৰূপে-গুণে জগততে ধন্যা। খুজিলে অনেকে সিটো কন্যা। কাহকো নিদিলে সত্রাজিত। কৃষ্ণে পাই ভৈল কৃতকৃত্য। ৭২ শশুৰক বুলিলা বচন। নাহিকে মণিত প্রয়ােজন। তােমাতে থাকোক স্যমন্তক। তুমি সত্রাজিত অপুত্রক। ৭৩