এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৩৯১
স্য়মন্তক-হৰণ
গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰই।
কৃষ্ণক চাহন্তে বাৰ দিন গৈল বই॥
নাসিবাৰ দেখি ভৈলা পৰম দুঃখিত।
নিৱৰ্ত্তিয়া জান দিলা দ্বাৰকা পুৰীত॥ ৪০
গৰ্ত্তত পশিলা মণি হেতু যদুৰাই।
বাৰ দিন তথাতে আছিলো বাট চাই॥
উলটি নাসিল কৃষ্ণ কিবা আথান্তৰ।
বোলা হৰি হৰি তৰা সংসাৰ সাগৰ॥ ৪১
সপ্তম কীৰ্তন
ঘোষা। ত্ৰাহি যদু-নন্দন দেৱ।
পাৱে পৰি মঞি কৰো সেৱ॥৭
পদ॥বসুদেৱে হেন শুনি।
তবধ ভৈলন্ত গুণি॥
ৰুক্মিণী মুচ্ছিতা অতি।
কান্দন্ত দৈৱকী সতী॥ ৪২
শোকে যায় প্ৰাণ ফুটি।
ভূমিত পাৰন্ত লুটি॥
পুত্ৰ হৰুৱাওঁ জোনো।
শ্যামল সুন্দৰ তনু॥ ৪৩