পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গত বস্ত্রে শােভে কাম। মেখত বিজুলী-প্রায় । মুখ চন্দ্রো মুহি সৰি। কমল-লােচন হৰি। ৪৪ কর্ণত কুণ্ডল দোলে। বনমালা স্কুলে গলে । ভ্ৰমৰে নছাড়ে লােভে। শিৰত কিৰীটি শােভে। ৪৫ কণ্ঠত কৌস্তুভমণি। প্রভাতৰ সূৰ্য্য জিনি। একো অঙ্গে মুহি ৰুজ। আজানুলম্বিত ভুজ ॥ ৪৬ কেয়ূৰ কক্ষণে ৰঞ্জে। পাদ পঙ্কজক গঞ্জে । ৰৰ নুপুৰ বাজে। মেখলা কটিৰ মাঝে। ৪৭ কোটি কন্দর্পক জিনি। প্রকাশন্তু যদুমণি। হেন কৃষ্ণ মােৰ বাপ। এড়াওঁ কৈত তান তাপ। ৪৮