পৃষ্ঠা:Kirtan Ghosha.pdf/৪০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যন্ত কীর্তন ঘােষা। হৰিৰ চৰণ চিন্তিময় চিত্ত হয়ে গর্ব। মুখে ৰাম বােলা কর্ণে শুনা কৃষ্ণ-কথা। ৬ ‘পদ। হেন তুতি বাণী শুনি দৈৱকী-তনয়। চাইলা দায়া-দৃষ্টি ভকতক কৃপাময়। মার্জিলা অমৃত-হাতে সমন্তে শৰীৰ। তৈলস্তু নিজ জাম্বৱন্ত মহাবীৰ। ৩৬ মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান। মণি-হেতু ঋক্ষৰাজ আইলাে তযু স্থান। তুমি আনি আছ মহামণি স্যমন্তক। মিছাত সমস্তে দেয় আমাক কলঙ্ক ॥ ৩৭ পৰম ভকত তুমি জানােহহ তােমাক। দিয়া মণি মােক মঞি নেওঁ দ্বাৰকাক। গুচোক দুর্ঘশ দেখাওঁ লােকত প্রত্যয়। শুনি আনন্দিত জাম্বৱন্ত মহাশয় ॥ ৩৮ তানে কন্যা-ৰত্ন আছে নামে জাম্বৱতী। :. কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি । লগত যৌতুক আনি দিল স্যমন্ত। পৰম আনন্দ দেখি ভৈলা ভগৱন্ত। ৩৯