পৃষ্ঠা:Kirtan Ghosha.pdf/৪০২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গৰ্তৰ বাজত যত প্রজা আছে বই। কৃষ্ণক চাহন্তে বাৰ দিন গৈল বই। নাসিবাৰ দেখি ভৈলা পৰম দুঃখিত। নিৰ্ত্তিয়া জান দিলা দ্বাৰা পুৰীত ॥ ৪০ গত পশিলা মণি হেতু যদুৰাই। বাৰ দিন তথাতে আছিলাে বাট চাই। উলটি নাসিল কৃষ্ণ কিবা আন্তৰ। বােলা হৰি হৰি তৰা সংসাৰ সাগৰ ৪১ সপ্তম কীর্তন ঘােষা। ত্রাহি যদুনন দেৱ। পাৱে পৰি মঞি কৰাে সেৱ ।৭ পদ । বসুদেৱে হেন শুনি। তবধ ভৈলন্ত গুণি ॥ ৰুক্মিণী মুচ্ছিতা অতি । কান্দস্ত দৈৱকী সতী ॥ ৪২ শােকে যায় প্রাণ ফুটি। ভূমিত পান্ত লুটি। পুত্র হৰুৱাওঁ জোনাে । শ্যামল সুন্দৰ তনু। ৪৩