পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৮
[খণ্ড ১৬
কীৰ্ত্তন-ঘোষা


পঞ্চম কীৰ্ত্তন

ঘোষা॥ ত্ৰাহি দেৱ দামোদৰ  যাদৱানন্দ
 দীন দায়াশীল স্বামী।
 কৰাহা নিস্তাৰ  তোমাৰ চৰণে
 শৰণ পশিলো আমি॥৫

পদ॥ কৃষ্ণৰ বিক্ৰম  দেখি ঋক্ষৰাজ
 পৰম বিস্ময় মনে।
 স্বামী হেন জানি বুলিবে লাগিলা
 প্ৰণামি কৃষ্ণ-চৰণে॥

 জানিলো তোমাক  জগত-ঈশ্বৰ
 তুমি সনাতন হৰি।
 সমস্ত ভূতৰ তুমি প্ৰাণ-বল
 জগতকে আছা ধৰি॥ ৩২

 স্ৰষ্টাৰো স্ৰষ্টা  তুমি সৰ্ব্ব-দ্ৰষ্টা
 উদ্ধাৰি ধৰিলা ভূমি।
 জীৱৰ নিয়ন্তা পৰম আতমা
 মৃত্যুৰো অন্তক তুমি॥

 জানিলো তুমিসি  সেহি ৰঘুনাথ
 যিটো ইষ্টদেৱ মোৰ।