পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঘোষ॥ হিসেৰু মোৰ ব্যাক সীন দয়াশীল স্বামী। কৰাহ নিস্তাৰ তোমাৰ চৰণ শৰণ পশিললা আমি, পদ॥ কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে। স্বামী হেন জানি বুলিবে লাগিলা প্ৰণামি কৃষ্ণ-চৰণে। জানিলে তোমাক জগত-ঈশ্বৰ তুমি সনাতন হৰি। সমস্ত ভূতৰ তুমি প্ৰাণ-বল জগতকে আছা ধৰি৷ ৩২ স্ৰষ্টাৰৰ স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা উদ্ধাৰি ধৰিলা ভূমি। জীৱৰ নিয়ন্ত পৰম আতমা মৃত্যুৰৰ অস্তক তুমি। জানিলে তুমিসি সেহি ৰঘুনাথ যিটো ইষ্টদেৱ মোৰ।