পৃষ্ঠা:Kirtan Ghosha.pdf/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫
৩৮৯
স্য়মন্তক-হৰণ


সীতাৰ সন্তাপে জগতৰ বাপে
 কৰিলা পয়াণ ঘোৰ॥ ৩৩

যাৰ মহাক্ৰোধে কটাক্ষতে গ্ৰাহে
 সাগৰ কহেলাল কৰে।
লঙ্কাক লাগিয়া  মাঝে বাট দিল,
 ডৰিয়া আতি সাগৰে।

জানকীৰ হেতু বান্ধিলাহা সেতু
 দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ কাটিলাহা নাথ
 আনিলা সীতা উদ্ধাৰি॥ ৩৪

আগে নিচিনিলো  এৱেসে জানিলো
 তেন্তে তুমি ছিৰীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক
 চৰণে কৰো প্ৰণাম॥

এতেক বুলিয়া নমি জাম্বৱন্তে
 আছে কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্ব জন নেড়িবা কীৰ্ত্তন
 ডাকি বোলা হৰি হৰি॥ ৩৫