এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৬
খণ্ড ১৬
কীৰ্ত্তন-ঘোষা
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ৰাম কৃষ্ণ কৃপাল।
ত্ৰাহি হৰি গোপাল॥ ৪
পদ॥হেন শুনি জাম্বৱন্ত।
ধাইলা মহা বলৱন্ত॥
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ-কাছে॥ ২৪
সামান্য মনুষ্য বুলি।
মহাক্ৰোধে গৈলা জ্বলি॥
নজানি প্ৰভাৱ আতি।
লগাইলেক হতা-হতি॥ ২৫
দুয়ো হুয়া মহাক্ৰুদ্ধ।
লগাইলেক ঘোৰ যুদ্ধ॥
দুয়ো মাতঙ্গৰ লীলা।
বৰিষে পৰ্ব্বত-শিলা॥.২৬,
কতো বেলি হানে গাছ।
কতো কোপে চাপি কাছ॥
যুঝিলন্ত মাল-বান্ধে।
ধৰি ভৰি ভৰি ছান্দে॥ ২৭