পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩
৩৮৫
স্য়মন্তক-হৰণ

মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি।
জানিলো ভালুকে মণি মিলে আঙ্ক মাৰি॥
দেখি সৰ্ব্ব জন ভৈল মনত নিঃশঙ্ক।
মিছাত পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক॥ ২০
খোজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি॥
দেখি সৱে সেনাগণ বাহিৰত থই।
একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰৱেশিলা গই॥ ২১
তথাত মণিক কৃষ্ণে দেখিলন্ত পাছে।
হাতে লৈয়া ধাই শিশু উমলান্তে আছে।
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ-গেড়ি দিলা॥ ২২
কোথাৰ মনুষগোটে মণি নেয় হৰি।
আৱে ঋক্ষৰাজ লাগ লোৱা ঝান্ত কৰি॥
এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ।
বোল হৰি হৰি ছাড়া বিষয়-বিষাদ॥ ২৩


২৫